স্নেহে আমাৰ শত শ্ৰাৱনৰ
ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে
যৌৱন-বাসনাৰ ৰিক্তোপকূল
পূৰ্ণ কৰে উন্মত্ত বানে..
নিৰ্জ্জন স্তব্ধ তিমিৰৰ পাৰ ভাঙি
উচ্ছল জীৱনৰ জোৱাৰ আনে
অপৰূপ বাৰিষাৰ তৰঙ্গ ৰাশিয়ে
নাচে নৱ সৃষ্টিৰ গানে
স্নেহে আমাৰ শত শ্ৰাৱনৰ
ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে..
...