Someone has given a good explanation about importance of money. :)

"ধনেই ধৰ্মৰ মূল, ধন নহ’লে যায় জাতিকুল"..

...

আমি সুন্দৰ আৰু মৰ্যদাপূৰ্ণ জীৱন যাপন কৰোতে ধনৰ প্ৰয়োজন। ধনৰ বাবেই মানুহে পৰিশ্ৰম কৰে, কৃষকে হাড় ভগা পৰিশ্ৰম কৰি খেতি কৰে, শ্ৰমিকে বাটত শিল ভাঙে, ঠেলাৱালাই ঠেলা চলায়। ধনৰ দ্বাৰা আমি যি ইচ্ছা তাকে কৰিব পাৰো। ধন থাকিলে আমি দুখীয়াক দান কৰিব পাৰো, সমাজ সেৱামূলক কাম-কাজ কৰিব পাৰো। ধৰ্ম কৰিবলৈয়ো ধনৰ প্ৰয়োজন হয়। কাৰণ দান কৰা, দুখীয়াক সাহাৰ্য কৰা, স্কুল কলেজ স্থাপন কৰা আদি ধনৰ দ্বাৰাহে সম্ভৱ। সমাজত নিজৰ স্থিতি সবল কৰিবলৈয়ো ধনৰ প্ৰয়োজন। আমি দেখা পাওঁ ধন থকা ব্যক্তিয়ে সমাজত সহজে আনৰ পৰা সন্মান আৰু ভক্তি আদায় কৰিব পাৰে। আনহাতে ধনহীন বা দুখীয়া ব্যক্তি এজনে নিজৰ বহুত গুণ থকা সত্বেও আনৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰে। সেয়ে ধনেই ধৰ্মৰ মূল, ধন নহ’লে যায় জাতিকুল’বুলি কোৱা হয়।.. good explanation:)

Reply to this note

Please Login to reply.

Discussion

No replies yet.